Preety Kongana Instagram – #আবিৰ
কথাবোৰ সহজ তেতিয়াও নাছিল,এতিয়াও নহয়।
আবিৰ লিখাৰ যাত্ৰা যিমান কঠিন ,তাতোকৈ কঠিন হৈছে চিৰিয়েল খনৰ এই যাত্ৰা।গোটেই টিমটোৰ ধৈৰ্য্য আৰু একাগ্ৰতাৰ পৰীক্ষাহে যেন লৈছে সময়ে।তথাপি ক’ম,#টিমআবিৰ ৰক্ছ 😇
এতিয়া কওঁ ,কিমান সুখী এওঁলোকৰ কাম লৈ।তলৰ ভিডিঅ’টো এবাৰ চাৱক।এই scene টো মই এবাৰো কাকোৱেই বুজোৱা নাই।কিতাপত যি লিখা আছে,তেওঁলোকে তাৰপৰাই বুজিছে।সিমানেই।তাৰ পাছতো ইমান পাৰ্ফেক্ট।মই নিজেই আচৰিত।বাৰে বাৰে চাইছোঁ।প্ৰীতিৰ ৰঙা পৰা নাকটো,কান্দোনৰ শব্দ ,অমিতৰ চাৱনি সকলোবোৰ মোৰ কল্পনাৰ সৈতে ইমান একেই।Acting,direction,costume,makeup,camera position,background score every damn thing is just perfect.
কাহিনীটো কিতাপৰ পৰা টিভিৰ পৰ্দালৈ ইমান সুন্দৰকৈ লৈ যোৱা আবিৰৰ টিমটোলৈ মোৰ অফুৰন্ত শুভকামনা।
You guys are doing an excellent job.
Take a bow 🙇♀️
অনন্যা (Preety KKongana) আৰু অনিৰুদ্ধ (Amit Kumar Borah) ,I love you guys for making this emotional scene sooo real yet so heart touching | Posted on 07/Nov/2023 02:22:07



