Kalpana Kalita

Kalpana Kalita Instagram – সৰুতে কাৰোবাৰ কণ্ঠত শুনা মনত পৰে ——“ এতিয়া মোৰ দেশৰ ডেকা গাভৰুৱে কেৱল পখিলা খেলাৰ খেল নেখেলে ৷এতিয়া মোৰ দেশৰ প্ৰতিজন কিশোৰ কিশোৰীয়ে পঢ়িছে এন্সাল ভাডৰৰ গেৰিলাৰ চিঠি …”৷ ঠিক তেনেকুৱা এটাই অনুভৱ হৈছিল যেতিয়া শ্ৰমিক সকলৰ সন্তান সকলে teenage কালতেই নালন্দা বিশ্ববিদ্যালয় জ্বলাই দিয়া বখতিয়ার খলজীৰ কথা শুধে , যেতিয়া পৃথিৱীৰ প্ৰথম শল্য চিকিৎসক ঋষি শুশ্ৰুতৰ কথা কৈ ভাৰতৰ বিশাল জ্ঞান গৰিমাৰ কথাৰে সোণালী ইতিহাসক সোৱঁৰে ৷ তেতিয়া এনে লাগে যে মই মোৰ জীৱনৰ ১২/১৩ তা বছৰ পপীয়া তৰাৰ দেশত, কুঁৱাত সেলমন মাছ বিছাৰি বহু সময় নষ্টকৰাৰ পাছত আজিৰ মৰম লগা পৃথিৱীখনলৈ লৈ যোৱাৰ বাবে ঈশ্বৰৰ চৰণত কৃতাৰ্থ ৷ শংকৰদেৱ শিশু নিকেতনৰ লগতে শ্ৰমিক সকলৰ সন্তান সকলৰ চিন্তা তথা দেশ প্ৰেমক শলাগ লৈছো৷ অনুষ্ঠানটিৰ দীর্ঘায়ু কামনা কৰিলোঁ৷ ☺️🙏🙏 | Posted on 15/Feb/2024 09:15:00

Kalpana Kalita
Kalpana Kalita

Check out the latest gallery of Kalpana Kalita