Kalpana Kalita Instagram – জানুৱাৰী মাহৰ কোনোবা এটা দিনত মোৰ দেশৰ মাটিৰ পৰা প্ৰায় 4000 কিলোমিটাৰ দুৰত্বৰ কাজাখাস্থান ত বাৰ লগত ভ্ৰমণলৈ গৈছিলো৷ আমি থকা Hotel খনৰ পৰা প্ৰায় ৰাতিৰ আকাশ খনেৰে মোৰ মৰমৰ অসম খন অনুভৱ কৰি চাবলৈ ছেষ্টা কৰো৷ কাৰণ কেই মাহ মানৰ পাছতেই মই স্বাক্ষৰ কৰা “ৰাজলক্ষ্মী“ থিয়েটাৰৰ মঞ্চৰ বুকুৰে অসমৰ ৰাইজৰ সন্মুখত অভিনয় কৰিম৷ ইতিমধ্যে নাট্যকাৰ, পৰিচালক শ্ৰদ্ধাৰ চম্পক শৰ্মা দাই তেখেতৰ অন্যতম সৃষ্টি নাটক “ঘা“ ৰ বিষয়ে জনোৱাৰ পাছৰে পৰা মনটো উগুলথুগুল লাগি আছিল৷ কেনেদৰে এগৰাকী বিধবা মহিলাই জীৱন যুঁজত মাত্ৰ সাহস আৰু মৃত শ্বামীৰ এহাল চকুত চকু থৈ সম্ভাব্য সন্তানৰ অপেক্ষাত জীয়াব পাৰে৷ চম্পক দায়ে জনাইছিল যে এই গোটেই অন্তৰাল আৰু সংঘাতৰ বিৱৰণ এটা গীতৰ মাজেৰে তেওঁ দৰ্শকৰ বুকুত সাঁচ বহুৱাব৷ কিন্ত ই সম্ভৱ জানো৷ এটি কাহিনী সুৰেৰে কথাৰে প্ৰতিষ্ঠা কৰি এখন নাটকৰ কবজ হবলৈ? তাৰ কেইদিনমানৰ পাছত ,এই সম্পূৰ্ণ কাহিনীটো শুনাই মই আগ্ৰহ কৰাৰ বাবে মোক আচৰিত কৰি কোনো কথাতে হাৰ নমনা মোৰ মৰমৰ অভিভাৱক স্বৰূপ তথা বন্ধু আলেখ্য দায় (ডা° আলেখ্য বৰুৱা) এনিশা তেওঁৰ গীটাৰখনেৰে rhythm আৰু chord বজাই মোক গীতটি শুনাইছিল৷ আৰু পর্যায়ক্রমে মোক আৰু ৰাজলক্ষ্মী থিয়েটাৰক উপহাৰ হিচাপে দিলে তেওঁৰ অন্যএক মনোমোহা সৃষ্টি “অ মৰম..লবানে এবাৰ…“ গীতটি৷ যিতু গীত এতিয়া চম্পক দাদাৰ “ঘা“ নাটকৰ এক জীয়া দলিল হৈ ৰল৷
* তৰা শুলে ৰাতি শুলে, জোনগলা আকাশতে
* সাৰে আছোঁ থাকিম সদায়…
*জানা মৰম…
আকাশত যদি তোমাৰ নাম লিখোঁ
ডাৱৰ বোৰে ঢাকি পেলাব…
কিন্ত ফাগুনী বতাহত যদি
তোমাৰ ঠিকনা লিখোঁ…
মোৰ উশাহে জীপালে গৈ
হৃদয়ত জিৰাব!
মোৰ হৃদয়ে সাতুঁৰি নাদুৰি গৈ
দুচকুৰ নীলাবোৰত তোমাৰ ছবি !
গোসাঁইৰ চাকিৰ দ্বৰে উজ্জ্বলি থাকিব সোণ …উজ্জ্বলি থাকিব৷“
মৰমৰ আলেখ্য দা৷ খুব কম মানুহ আছে যিয়ে চৌষষ্ঠি কলাক শিৰত লৈ আগ বাঢ়িব পাৰে৷ তোমাক ঈশ্বৰে দিয়া প্ৰতিভাৰে এদিন অসমৰ সাংস্কৃতিক জগত খনত উজ্জ্বলি থাকা৷ “ৰাজলক্ষ্মী“ থিয়েটাৰৰ সমূহ কলাকুশলীয়ে তোমাৰ উচৰত কৃতজ্ঞ৷🙏
গীতটিত কন্ঠ দান কৰিছে – শ্ৰুতি বুজৰবৰুৱা আৰু ইন্দ্ৰানী তালুকদাৰে৷
সংগীত ব্যৱস্হাপনা – অভিনব বৰা
গীতৰ কথা,সুৰ আৰু কবিতাংশ – ডা° আলেখ্য বৰুৱা vdo credit: Surajit Borah | Posted on 07/Sep/2024 14:23:16
Check out the latest gallery of Kalpana Kalita



