Nishita Goswami Instagram – ৰাজ্যৰ এপাৰ্টমেণ্ট নিৰ্মাণৰ ক্ষেত্ৰখনৰ এক উল্লেখনীয় নাম ‘আনন্দম্’ য়ে ইতিমধ্যে তেওঁলোকৰ মানসম্পন্ন গৃহনিৰ্মাণেৰে বহুজনৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিছে৷ আৰু নিৰ্মাণৰ জগতখনত আন এক সবল খোজেৰে ‘আনন্দম্’ য়ে আৰম্ভ কৰিছে ‘আনন্দম্ ২.০ গৃহ প্ৰৱেশ’৷
এই নতুন আৰু উদ্ভাৱনী প্ৰকল্পৰ দ্বাৰা এই সংস্থাটোৱে এইবাৰ আৰম্ভ কৰিছে ব্যক্তিগত গৃহ নিৰ্মাণৰ কাম৷ যিসকল লোকে প্ৰয়োজনীয় মাটি আৰু মুলধন থকাৰ পাছতো কেৱল সময় আৰু অভিজ্ঞতাৰ অভাৱত নিজৰ সপোনৰ ঘৰটো নিৰ্মাণৰ কামত হাত দিবলৈ সাহস কৰা নাই, তেওঁলোকক ঘৰটো আটোমটোকাৰীকৈ নিৰ্মাণ কৰাৰ লগতে সজাই দিব ‘আনন্দম্’ য়ে৷
যোৱা ১৩ ডিচেম্বৰৰ দিনা আবেলি সংস্থাটোৰ মহানগৰীৰ ৰাজগড়ত থকা মুখ্যকাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপুৰ্ণ সুন্দৰ অনুষ্ঠানত মই এই প্ৰকল্পৰ শুভাৰম্ভ কৰো৷ আশা কৰিছো ৰাজ্যৰ গৃহ নিৰ্মাণ ক্ষেত্ৰখনলৈ আশাৰ খবৰ হৈ অহা এই কামে ৰাইজৰ বিশেষ সহাৰি লাভ কৰিবলৈ সক্ষম হব৷
আচলতে এটা সপোনৰ ঘৰ মানেই অনাবিল সুখ৷ আৰু সুখ মানেই ‘আনন্দম্’ ৷ | Posted on 16/Dec/2024 17:54:45
Check out the latest gallery of Nishita Goswami



