Nishita Goswami

Nishita Goswami Instagram – অসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্য দল “ৰাজমুকুট থিয়েটাৰ”এ কালি এই বৰ্ষৰ নাট্য যাত্ৰাৰ শুভাৰম্ভ কৰে ।
শুভক্ষণত বিশিষ্ট অতিথি হিচাপে মই উপস্থিত থাকো । জনপ্ৰিয় অভিনেতা যতীন বৰা, জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞা তথা নাট্যকাৰ পল্লৱ পবন বৰাকে আদি কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত “ৰাজমুকুট থিয়েটাৰ” ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস দেৱে। প্ৰযোজক মানস কলিতাৰ দ্বাৰা প্ৰযোজিত
“ৰাজমুকুট থিয়েটাৰ” ত এই বৰ্ষত আছে অভিজিৎ ভট্টাচাৰ্যৰ “মহাভাৰতৰ শেষ অধ্যায়” ,
“মাজৰাতিৰ ৰজা” আৰু
পল্লৱ পৱনৰ “মৰমসুঁতিৰ মহলদাৰ “ নামৰ তিনি খন খুউব ধুনীয়া নাটক । পৰিচালনা কৰিছে
জনপ্ৰিয় পৰিচালক ৰাজেশ ভূঞাই ।
“ৰাজমুকুট থিয়েটাৰ” ৰ তিনিও খন নাটক উপভোগ কৰি আপোনালোকে মৰম আৰু সঁহাৰি জনাব বুলি আশা
কৰিলো ।।

@theatrerajmukut @jatinbora01 | Posted on 26/Aug/2025 17:48:21

Nishita Goswami
Nishita Goswami

Check out the latest gallery of Nishita Goswami