Priyanka Bharali

Priyanka Bharali Instagram – অসমৰ সূৰুয হৈ জিলিকি থকা
সেই মানুহজন নোহোৱা আজি এমাহ হ’ল…
অসমীয়াৰ হৃদস্পন্দন স্তব্ধ হ’ল,
সেই নিস্বাৰ্থ কণ্ঠ নোহোৱা হ’ল।
সাহস, শক্তি সকলো যেন শেষ হৈ গ’ল,
আমাৰ উৎসাহ হেৰাই গ’ল।

সকলোকে কন্দুৱাই তুমি গুচি গ’লা…
ক’ত দেখা পাম? ক’ত শুনিম পুনৰ?
তুমি নোহোৱা অসমখনত,
চাৰিওফালে কেৱল অন্ধকাৰ,নিস্তব্ধতা।

চকুত ভাঁহে সেই দিনবোৰ,
সেই হাঁহিবোৰ, তোমাৰ সেউজ কথাবোৰ…

যুগজয়ী তুমি, যুগনায়ক তুমি,
আমাৰ অসমৰ গৰিমা তুমি।
প্ৰতিজন অসমীয়াৰ উশাহ তুমি,
সুৰৰ মন্দিৰৰ হোমযজ্ঞ তুমি।
কলিযুগৰ দানবীৰ কৰ্ণ তুমি,
এটা অৱৰ্ণনীয় অমৰ কাহিনী তুমি।
তোমাৰ অবিহনে এতিয়া মাথোঁ
প্ৰাণহীন অসমীয়া আমি…

কায়িকভাৱে আজি তুমি আমাৰ মাজত নাই,
এইয়া এক অপ্ৰিয় সত্য…
কিন্তু তোমাক বুকুত লৈ,
আমি প্ৰতিজনে তোমাক জীয়াই ৰাখিম
সীমাহীন মৰমেৰে…চিৰদিনলৈ….

মৰম, শ্রদ্ধা আৰু অশ্ৰুঞ্জলিৰে,
প্ৰিয়ংকা ভৰালী।

#justiceforzubeengarg | Posted on 19/Oct/2025 10:38:43

Priyanka Bharali
Priyanka Bharali

Check out the latest gallery of Priyanka Bharali